পৃষ্ঠা:নামঘোষা.djvu/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ২৬ ]

এৰিয়া বিষম ৰাগ। হৰি নুসুমৰে, আনসে আচৰে, সেহিসে যমৰ ভাগ॥ ৯১॥ গােপাল গােবিন্দ, মুকুন্দ শ্ৰীৰাম, জয় সনাতন হৰি। নিগম নিগূঢ়, শ্রীহৰিৰ নাম, লৈযােক, যতন কৰি ॥ ৯২॥ কৰ কোন কাম, বোলা ৰাম ৰাম, তেজিয়া মুখে আলাস। ভকতৰ সঙ্গে, হৰি গুণ গাই, বৈকুণ্ঠে কৰিয়ো বাস॥ ৯৩॥ আন-ধৰ্ম্ম যত, হৰিৰ নামৰ, ৰেণুকো নােহে সমান। হেন হৰি নাম, অমৃত সাগৰে, সন্তোষে কৰিয়ো পান॥ ৯৪॥ হৰিক আশ্রয়, জানিবা নিশ্চয়, সুখৰ মূল কাৰণ। হৰিত বিমুখ, দুঃখৰ কাৰণ, জানিবা নিষ্ঠ বচন ॥ ৯৫॥ বিধিৰ কিঙ্কৰ, যতেক সাধন, তাক পাস কৰি থৈযো। বিধিৰ ঈশ্বৰ, হৰি গুণ নাম, তাহাতে শৰণ লৈয়ো ॥ ৯৬॥ মুকুত সকলো, গাৱে ৰাম নাম, ৰসত অধিক জানি। মৃত্যুৰ মুখত, পৰি ৰাম নাম, নলৈবেক কোন প্রাণী ॥ ৯৭ ॥ ৰাম নাম বিনে, মৃত্যু এৰা- ইবাৰ, আৱৰ উপায় নাই। মৃত্যু তৰিবাৰ, ইচ্ছা আছে যাৰ, ফুৰা ৰাম নাম গাই॥ ৯৮॥ শাস্ত্র গুৰু উপ, দেশে শিষ্য সবে, ঈশ্বৰক নে দেখষ। বুদ্ধিক সত্ত্বস্থ, কৰিয়া আপুন, আত্মাক দেখে নিশ্চয॥ ৯৯ ॥ শাস্ত্র গুরু উপ, দেশ ক্রম ৰাম, ব্যবস্থা মাত্র পালন। কেৱলে শিষ্যৰ, শুদ্ধ বুদ্ধি মাত্র, জ্ঞানৰ হোৱে কাৰণ ॥ ১০০॥ গুরু উপদেশ, লব্ধ শিষ্য সবে, উপদেশ সাৰ ধৰা। যেবে ঈশ্বৰক, পাইবা যত্ন কৰি, বুদ্ধিক সত্ত্বস্থ কৰা॥১০১॥ শাস্ত্র গুরু সবে,শিষ্যক কৃপায়ে শুদ্ধ উপদেশ দিব। শিষ্য সবে শুদ্ধ, ভাৱে