পৃষ্ঠা:নামঘোষা.djvu/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ২৮ ]

আনমতে গতি নাই॥১১৩॥ ঘােৰ কলি যুগে, যত ধৰ্ম্ম কৰ্ম্ম, সবে কৰিলেক দূৰ। যি জনে কেৱল, হৰি নাম লৱে, পুরুষ সিতো চতুৰ॥১১৪॥ বিষয় সম্বন্ধ, ইন্দ্ৰিয়ৰ সুখ, সমস্ত যােনিত পাই। পৰম দুর্ল্লভ, হৰিৰ ভকতি, মনুষ্যত পৰে নাই ॥ ১১৫॥ মনুষ্য জনম, লভিবাৰ ফল, হৰিৰ কীৰ্ত্তন, মাত্র। হৰিৰ কীৰ্ত্তন, কৰি মহা সুখে, হোৱে ভকতিৰ পাত্ৰ॥ ১১৬॥ হৰি গুণ নাম, শ্রবণ কীৰ্ত্তনে, কৰয় চিত্ত নিৰ্ম্মল । হৰিৰ চৰণে, কেৱল ভকতি, লভিবাহা সুমঙ্গল॥১১৭॥ খেদ॥ কাল গ্রস্ত হুযা, ভৈলোঁ অচেতন, বয়স গােয়াইলো হেলে। বান্ধব কৃষ্ণৰ, নামক ন লৈলোঁ হৰি ভকতৰ মেলে॥ ১১৮॥ তুমি নিত্য নিৰঞ্জন নাৰায়ণ, আমিয়ো অংশ তােমাৰ। তযু সেৱা চোৰ, পায়া মহা মায়া, মুহিলে মন আমাৰ॥ ১১৯ ॥ কিনো অপৰাধ, কৰি আচোঁ আমি, বান্ধৱ মাধৱ প্রাণ। নাম ধৰি ডাকোঁ, হিয়াত থাকিবা, কেনে নেদা সমিধান॥ ১২০॥ নিন্দা মহন্ত সবৰ, কেৱশ জীৱন, হৰিৰ নাম মঙ্গল। হেন হৰি নাম, নলৈয়া কলিত, কৰিলা জন্ম বিফল ॥ ১২১॥ হৰিৰ পৰম, প্রিয়তম নাই, হৰি ভকতত পৰে। হেন ভকতক, বিজনে নিন্দয়, হৰিকে সে নিন্দা কৰে॥ ১২২॥ হৰি ভকতৰ, দোষ ন ধৰয, যম কাল আৰো কলি। ইসব কথাক, যিতো নমানয়, তিনিতাে কৰিযা বলি॥ ১২৩॥ হৰি ভকতৰ, ছিদ্র নধৰয, দুষ্ট শিৰােমণি কলি। হেন ভকতৰ, কিঞ্চিৎ ছিদ্রক, সজ্জমে থাকে আকলি॥ ১২৪॥