পৃষ্ঠা:নামঘোষা.djvu/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ২৩ ]

মাত্র, ভজে যিতো জনে, অৱ্যভিচাৰী ভকতি। তিনি গুণ অতি, ক্ৰমি ব্ৰহ্মরূপ, পাবে সিতো মহামতি॥ ৫৭॥ তিনি গুণ ময়, যত জ্ঞান কৰ্ম্ম, কেবল বন্ধ কাৰণ। জানি তাক তেজি, একান্ত ভকতি, ভজিয়ো কৃষ্ণ চৰণঃ॥ ৫৮॥ ৰজো গুণ তমাে, গুণময বৃত্তি, কেৱল আসুৰী ভাৱ। শুদ্ধ সত্ত্ব বৃত্তি, দেবৰ সম্পত্তি, লৈয়া ভজা কৃষ্ণ পাৱ॥ ৫৯ ॥ মহন্তৰ সঙ্গে, হৰি কথা ৰসে, মনক জিনিয়ো ভাই। মায়াক তৰিয়া, হৰিক পাইবাৰ, উপায় আৱৰ নাই॥ ৬০ ॥ হৰি গুণ নাম, শ্রবণ কীৰ্ত্তনে, ভজিয়ো হৰি চৰণ॥ মনুষ্য হুইবাৰ, এহি মানে মাত্র, জানা নিজ প্রয়ােজন॥৬১॥ যাহাৰ জিহ্বাত, থাকয় সতত, হৰিৰ নাম মঙ্গল। সেহিসে মহন্ত, তাৰাবেসে মাত্র, সিজয় ধৰ্ম্ম সকুল॥৬২॥ সমস্ত শাস্ত্ৰৰ, তত্ত্বক জানিয়া, নেড়য় নাম মুখত ৷ সিতো মহাজনে, অপ্রয়াসে তৰে, সংসাৰ ঘােৰ দুঃখত॥ ৬৩ ॥ ৰাম কৃষ্ণ ৰাম, কৃষ্ণ বোল ভাই, তেজিয়া লাজ আলাস। শাস্ত্ৰ আচাৰ্য্যক, উপাসা কৰিয়া, বাসনা কৰা বিনাশ॥ ৬৪॥ হৰিৰ কীৰ্ত্তন, যি জনে নকৰে, তাত পৰে নাহি দুঃখী। হৰিগুণ নাম, সন্তোষ অমৃত, পীয়ে যিতো সিতো সুখী॥ ৬৫ ॥ হৰি সে চৈতন্য, আত্মা জ্ঞান ময়, আৱৰ সমস্তে জড়। বেদ বেদান্তৰ, সমস্ত শাস্ত্ৰৰ, এহিসে বিচাৰ কড়॥৬৬॥ দেৱৰো দুৰ্ল্লভ, ঈশ্বৰ কৃষ্ণক, ভকতিসে কৰে বশ্য। আগম নিগম, শীত ভাগ-, ৱত, শাস্ত্ৰৰ ইতাে ৰহস্য॥ ৬৭॥ যম কাল মায়া মৃত্যুতে