পৃষ্ঠা:নামঘোষা.djvu/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ২৪ ]

ৰেড়িয়া, আছে বাঘজালি কৰি। হেনয় জীৱক, কোনে ৰাখিবেক, বিনে কৃপাময় হৰি॥ ৬৮॥ পাপ সাগৰত, তল নিয়াইলেক, বলে কলি দুৰাচাৰ। ৰাম নাস বিনে, পাপ এৰাইবাৰ, উপায় নাহিকে আৰ॥ ৬৯ ॥ হৰিত শৰণ, লৈয়া যিতো জন, সদা ৰাম নাম গাৱে। হােকবা সকাম, নিস্কাম তথাপি, কলিৰ দোষে নপাৱে॥ ৭০॥ হৰি গুণ নাম, অমৃত সাগৰে, মজাযো মন নিপুণ। সুখে সংসাৰৰ, তাপ এৰাইবাহা, নচাৰিবা হৰি গুণ॥ ৭১॥ সদায়ে ভাবিয়ো, ৰাম নাৰায়ণ, আলাস কেনে কৰস। মুখ মাঝে হৰি, নামৰ নিবাস, ভুলিবা কেমনে ৰস ॥ ৭২ ॥গােপাল গােপাল, গােপাল গােপাল, গােপাল গােবিন্দ হৰি। ৰাম কৃষ্ণ ৰাম, কৃষ্ণ ৰাম কৃষ্ণ, বুলিয়ো আনন্দ কৰি॥ ৭৩॥ শীঘ্ৰ কৰিষা, বােলা ৰাম হৰি, বিলম্ব নকৰা ভাই। কোননাে নায়ক, যমৰ দায়ক, হৰিক সুহৃদ পাই॥ ৭২॥ নমো নিৰঞ্জন, দানৱ গঞ্জন, ভকত ৰঞ্জন ৰাম। গােপাল গোবিন্দ, মুকুন্দ মুৰাৰি, বোল ভাই অবিশ্রাম॥ ৭৫॥ হৰি পাৱে ধৰ, অন্যায নকৰ, দুৰ্জ্জন মন পামৰ। সাক্ষী হুয়া হৰি, হিয়াৰ ভিতৰে, আচা দেৱ দণ্ড ধৰ॥ ৭৬॥ সদা ৰাম কৃষ্ণ, হৰি বােল ভাই, তেজিয়া মনে কপট। হৰিৰ তলব, লৈয়া যমদূত, চাপিয়া আছে নিকট ॥ ৭৭॥ ৰাম কৃষ্ণ ৰাম, কৃষ্ণ বোল ভাই, নামে নকৰিয়ো হেলা৷ হৰিৰ নামৰ, মাঝত সমস্তে ভকতি সুখৰ মেলা॥ ৭৮॥ ৰামকৃষ্ণ হৰি, ৰামকৃষ্ণ হৰি, ভাবিয়ো ভাবক তাই। ৰামকৃষ্ণ