পৃষ্ঠা:নামঘোষা.djvu/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ২২ ]

সহায় কাকো নচাৰে। জ্ঞান কৰ্ম্ম তেবে, তাৰিতে নপাৰে, ভকতি নপাৱে যেবে॥ ৪৬॥ দুষ্ট কলি সৰ্পে, সবাকো দংশিল, হৰাইলা চেতন জ্ঞান। ইহাৰ ঔষধ, সুধা ৰাম নাম, বিনে নাহি নাহি আন॥ ৪৭॥ সকল পুণ্যৰ, অবিনাশি ফল, হৰি গুণ নাম সাৰ। হৰিক সন্তোষ, কৰাইবাৰ হেতু, নাম বিনে নাহি আৰ॥ ৪৮॥ বেদে ৰামায়ণে, পুৰাণে ভাৰতে, আদি মধ্য অবসানে। হৰিকে সে মাত্ৰ, কহয় নিশ্চয়, জানা তত্ত্ব এহি মানে॥ ৪৯॥ সত্য অসত্যৰ, জড় চৈতন্যৰ, মাঝত যিতো প্ৰকাশে। তাকে বুলি মন, সেহি সিতো পাৱে, যি জনে যাক উপাসে॥৫০॥ মায়া আদি কৰি, সময়ে অসন্ত জানিবা জড় নিশ্চয়। হৰি মাত্ৰ সত্য, চৈতন্য ঈশ্বৰ, পৰম তত্ত্ব নিৰ্ণয॥ ৫১॥ বাসুদেৱ বাসু, দেৱ বাসুদেৱ, বুলিযা যিতো সুমৰে। সিতো পুৰুষৰ, জানা যম ৰাজা, লিখন মাৰ্জ্জন কৰে॥৫২॥ দিব্য সহস্ৰেক, নাম তিনি বাৰ, পঢ়ি পাৱে যিতো ফল। এক বাৰ কৃষ্ণ, নাম উচ্চাৰিলে, পাৱয় তাক সকল॥ ৫৩॥ যতেক অনৰ্থ, আছে সংসাৰত, তাতে তিনি বিধ সাৰ। কাম ক্ৰোধ লোভ, আপুন নাশন, জানি কৰা পৰিহাৰ॥ ৫৪॥ আত্ম নাশ হেতু, কাম ক্ৰোধ লোভ, নৰকৰ তিনি দ্বাৰ। জানি আক তেজি, কেৱল কৃষ্ণৰ, ভকতিৰ কৰা সাৰ॥ ৫৫॥ কাম ক্ৰোধ লোভ, তেজি যিতো জনে, ভজয় কৃষ্ণৰ পাৱে। কৃষ্ণৰ কৃপাত, হেৱয় কৃতাৰ্থ, মুখে মুকুতিক পাৱে॥ ৫৬॥ কৃষ্ণকে সে