পৃষ্ঠা:নামঘোষা.djvu/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ২১ ]

জয় জয় ৰাম, জগত কাৰণ, জগত জীৱন স্বামী। পৰম দেৱতা, জানিয়া তােমাৰ, চৰণে ভজিলোঁ আমি॥৩৫॥ অনাদি অনন্ত, হে ভগৱন্ত, ভজোঁ কৰি প্ৰণিপাত। মুকুতি ৰসকো, তেজি মহাজনে, শৰণ লৱে তােমাত॥ ৩৬॥ নমস্কাৰ॥ নমাে কৃষ্ণদেৱ, পাপী বুলি কেৱ, মােক মােৰ নােবোলয়। পতিত পাৱন, জানিযা তোমাত, আপুনি গৈলাে বিক্রয় ॥ ৩৭॥ নমাে হৰিপদ, পঙ্কজ যুগল, বিমল সুখসাগৰ। অনাদি অনন্ত, সন্ত সদাশিৱ, ভগৱন্ত ভয় হৰ ॥ ৩৮ ॥ মােহ মায়াৰাগ, মদ মল কাম, দম্ভ দ্বেষ আদি ভাৱ। যি গুৰু জনত, ইসব নথাকে, প্রণামো তাহান পাৱ ॥ ৩৯॥ জয় যদুপতি, গোপাল গােবিন্দ, যাদব মাধৱ ৰাম । ভকতৰ ধন, জীৱৰ জীৱন, কৰোঁহোঁ পাৱে প্ৰণাম॥ ৪০ ॥ নমো নিত্যানন্দ, জগত কাৰণ, বাসুদেৱ ভগৱন্ত। নিত্য শুদ্ধ বুদ্ধ, কাম অনিরুদ্ধ, পুরুষ প্রভু অনন্ত ॥ ৪১॥ ৰাম নিৰঞ্জন, দানৰ গঞ্জন, ভকত ৰঞ্জন দেৱ। তুমি সি পৰম, গুরু নাৰায়ণ, তুযা পাৱে কৰো সেৱ॥ ৪২॥ উপদেশ॥ ৰাম কৃষ্ণনাম, ধৰ্ম্ম অনুপাম, হৃদয়ে যিতো সুমৰে। যত মহাপাপ, নাম অপৰাধ, সবে মসিমুৰ কৰে॥ ৪৩॥ ঘােৰ সংসাৰৰ, ঔষধ হৰিৰ, নামক তেজি সংপ্রতি। আৱৰ কমন, উপায়ে, পণ্ডিতে, লভিবে আপুন গতি ॥ ৪৪ ॥ মােৰ ভক্তিযুক্ত, যােগিৰো জানিবা, মােতেসে চিত্ত যাহাৰ। জ্ঞানকৰ্ম্ম বিনে, কেৱল ভক্তিত, পাৱয় সংসাৰ পাৰ॥ ৪৫॥ কেৱল ভকতি, পুরুষক তাৰে,