নিজ, মাধৱ সে ইষ্ট গুরু, মাধৱ দেৱতা পরম। পৰমঈশ্বৰ স্বামী, জানি মাধৱক ভজা, মনুষ্যৰ শ্ৰেষ্ঠ পৰম ॥১০৯। পৰম চতুৰ সিসি, বুদ্ধিত কুশল অতি, যিতে মাধৱৰ গুণ গাৰে । মিছা কলেৱৰ গােটে, মুকুক্তি বাণিজ কৰি, ভৱ তৰি মাধৱক পাৱে ॥ ১১০ । যি জনে একান্ত চিত্তে, মাধৰক ভজি নিতে, ফুৰে মাৰ গুণ গাই। দুল্লভ অমৃত যেন, যি জনে কৰিলে পান,মধুৰ পিক আৰ নাই । ১১১। ভজ ভাই মাধৱক, স্মৰ ভাই মাধৱক, গাৱ মাধৱৰ গুণ। নিচিন্ত আপুন মাৰ, সুখে আপুনাক তাৰ, তয়ু ভাই পৰম নিপুণ ৷৷ ১১২ | ভগৱন্ত ঈশ্বৰৰ, গুণ সমূহক যিতো, শুনিতে উদ্যম কৰে নৰ। তেখনৰৈ পৰা সিতো, জানিব নিশ্চয় কৰি, ভৈল অতি শুদ্ধ নিৰ্মৎসৰ ৷১১৩। ঈশ্বৰ কৃষ্ণেসে নিষ্ট, পৰম আৰাধ্য দেৱ, মােৰ তান নামে নিজ গতি। হেনয় নিশ্চয় যিতো, কৰিলেক নিতে অতি, সিসি জন পৰম প্রকৃতি ॥১১৪। সংসাৰৰ ইন্দ্র কৃষ্ণ, তাহান নামক যিতাে, অজ্ঞানতাে চণ্ডালে লয়। হেন সে পবিত্র দিতে, জানিবা যজ্ঞত আনি, পাত্র পাতিবাৰ যোগ্য হয় । ১৫। ৰাম ৰাম ৰাম বাণী, পৰম মঙ্গল রূপ, যাৰ মুখে প্রকাশ কয় । চিৰকাল মহাতীর্থ, কৰিয়া পবিত্র হুয়া, তাক কদাচিতো দুল নয়। ১১৬ ॥ জগত আশ্রয় কৃষ্ণ, তাহান অব্যয় স্থান, তাক প্ৰতি আছে যেবে মন। ভগৱন্ত ঈশ্বৰৰ চৰণ পঙ্কজে সদা, হুয়াে তেবে একান্ত শৰণ ॥১১৭। পৰম নির্মল ধৰ্ম্ম, হৰিণাম কীর্তনত, সমস্ত প্রাণিৰ অধিকাৰ। .
পৃষ্ঠা:নামঘোষা.djvu/১৮
অৱয়ব