[ ১৪ ] এতেকে সে হৰি নাম, সমস্ত ধৰ্ম্মৰ ৰাজা, এহি সাৰ শাস্ত্ৰৰ বিচাৰ। ১১৮ | বর্ণাশ্রম ধর্ম যত, যাৰ যেন বিহি আছে, তাৰে সে কেৱলে অধিকাৰ। হৰি নাম কীৰ্ত্তনৰ, নাহিকে নিয়ম একো, এতেকে সে ধৰ্ম্ম মাঝে সাৰ ১১৯। অধমে কেলে দোষ, লয় মধ্যমে গুণ, দোষ লৱে কৰিয়া বিচাৰ । উত্তমে কেলে গুণ, লৰয় উত্তযােমে, অল্প গুণ কৰয় বিস্তাৰ ১২• || দোষৰ সাগৰ কলি, তাকে। পৰীক্ষিত ৰাজা, গুণ দেখি কৰিলা ৰক্ষণ। মহা পাপী অন্ত্য জাতি, তৰয় কলিত সুখে, মুখে কৰি হৰিৰ কীৰ্ত্তন ১২১। অবিদ্যা- জনিত সুখ, সত্য লোক আদি কৰি, আত নিক্ষেপ নিৰ- স্তৰ। কেৱলে চিদাঙ্গ শুদ্ধি, কৰণে সে মাত্র জানা, পুরু, যার্থ মুমুক্ষু জনৰ ১২২ । বিদ্যা অবিদ্যা জন্য, সুখে নিৰ পেক্ষ হু, কৰিল আপুন মন স্থিৰ । বাসুদেৱময় মাত্র, সকল জগত ইতো, পুরুষার্থ জানিবা জ্ঞানীৰ। ১২৩। সমস্ত সুখক তেজি, পুরুষােত্তমৰ প্রেম, ভকতিক কৰিল আশ্রয়। ভকত সবৰ এহি, পুরুষার্থ মনোনীত, আনাে সুখ অধিকে পায় ॥ ১২৪৷ মুমুক্ষু জনৰ যেবে, অবিদ্যা জনিত সুখে, বিৰকতি ভৈল অতিশয়। কেৱল আত্মতমাত্র, সদায়ে ৰমণ কৰে, তেবে বিধি কিঙ্কৰ গুচয় । ১২৫। জ্ঞান নিষ্ঠ জনে বিদ্যা, অবিদ্যা জনিত দুয়াে, সুখে বিৰকতি ভৈল যেৰে। বাসুদেৱময় মাত্র, দেখয় জগত ইতাে বিধিৰ কিঙ্কর গুচে তেবে। ১২৬। পুরুষােত্তমৰ প্ৰেম, ভকতি সুখক মাত্র, নিশ্চয় কৰিল যিলত জন। শৰণ কালৰে পৰা,
পৃষ্ঠা:নামঘোষা.djvu/১৯
অৱয়ব