পৃষ্ঠা:নামঘোষা.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

{ ১২ } তাত, কতেহে উপঙ্গো তল ও ৯৯। পৰম অমূল্য ৰত্ন, হৰিৰ নামৰ পেড়া, অতি গুপ্ত স্বরূপে আচিল। লােকক কৃপায়ে হৰি, শঙ্কৰ স্বরূপে আসি, মুদ ভাঙ্গি সম- শুকে দিল। ১০০। হৰিনাম প্ৰেমৰস, অমৃত নিধিক বান্ধি, গুপ্ত কৰি থৈলা দেৱগণে। দয়ালু শঙ্কৰে পাই, তুলি মুদ ভঙ্গি দিলা, সুখে পান কৰা সৰ্বজনে। ১০১। হৰি নাম গুপ্ত তৈল, মনুষ্যত পূজা খৈল, বুলি ৰঙ্গ কৰে দেৱ সৰ্ব । হেন হৰি নাম ধৰ্ম্ম, শঙ্কৰে বিদিত কৰি, চুৰ কৈলা দেৱতাৰ গর্ব ॥ ১২। বেদৰ বিহিত যত, আছে ধৰ্ম্ম সংসাৰত, সবে হৰি নামৰ কিঙ্কৰ। হেন জানি যিতো জনে, নামৰ কীৰ্ত্তন কৰে, সেহি সে পৰম সাধু,নৰ। ১০। হৰিৰ গৃহ দ্বাৰে, বেত্ৰৰ প্ৰহাৰ যােগ্য, ব্রহ্মা ইন্দ্ৰ আদি দেৱ ঝাক। হেনয় দ্বাৰত বেত্র, প্ৰহাৰ পাইবাৰ যােগ্য, উঁও আমি কমন বৰাক ॥ ১৪ অচ্যুত কেশৰ বিষ্ণু, হৰি সত্য জনার্দন, হংস নাৰায়ণ অষ্ট নাম। পৰম মঙ্গল রূপ, জিততা অহ- নিশে লৰে, তাৰ পূর্ণ হােৱে মনস্কাম। ১০৫ ॥ মাধৱ মাধৱ নাম, বচনত উচ্চৰয়, মাধৱ মাধৱ হৃদয়ত। নিৰন্তৰে সাধু সবে, মাধৱ মাধৱ নাম, উচচৰয় সমস্ত কাৰ্য্যত । ১০৬। পৰম মঙ্গল রূপ, মাধৱ মাধৱ নাম, জিতো মহাজনে উচ্চ- হয়। তাৰ অমঙ্গল রূপ, গুচয় সংসাৰ ভয়, মাধৱেৰ নিকট পায়। ১০৭। দুঃস্বপ্ন নাশন ইতো, মাধৱ মাধৱ নাম, দুষ্ট গ্রহ ভয় বিনাশন। পৰম সম্পদ রূপ, জানি মাধৱৰ নাম, সৰ্ব্বদায়ে কৰিয়ে কীৰ্ত্তন। ১০৮। মাধৱে সে আত্মা