পৃষ্ঠা:নামঘোষা.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ১১ সংসাৰ সাগৰে ইতো, হৰি সে সুদৃঢ় না, জানি হৰি বুলিয়ে কল্যাণ ॥৯॥ হে কর্ণ সদা তােৰ, শবদে সে মাত্র প্রিয, তই শব্দ মধুৰ জানস। কোটি অমৃততােধিক, পৰম মধুৰ শব্দ, শুন সদা কৃষ্ণ নাম যশ, ৯১। হে মন তোৰ কাম, সঙ্কল্প বিকল্পধৰ্ম্ম, তেজি মিছা কামনা সকল। সদায়ে সঙ্কল্প মাত্র, কৰিয়া সুহৃদ মন, কৃষ্ণনাম পৰম মঙ্গল। ৯২। শুনিয়া হৃদয় হেৰ, ব্ৰহ্মাণ্ড ভিতৰে যত, বস্তু আছে তোক নজোড়ায়। তাক তেজি কৃষ্ণনাম, অক্ষয় অমৃত পিয়া, সন্তোষক লভিয়ে হৃদ ॥ ৯৩। শুনিয়ােক বুদ্ধি তােৰ, কেৱল নিশ্চয় ধৰ্ম্ম, তেজি সবে বিনাশী বিষয়। সদা শুদ্ধ সুমঙ্গল, অক্ষয় কৃষ্ণৰ নাম, তাকে মাত্র কৰিযে নিশ্চয় ৯৪। শুন হেৰ অহঙ্কাৰ, নিশ্চিন্ত আপুন মাৰ, মিচা অহম্মক তেজিয়ে। পৰম ঈশ্বৰ কৃষ্ণ, হুয়ােক তাহান দাস, সাধু সঙ্গে কৃষ্ণকে ভজিয়ে। ৯৫। শুনিয়ােক চিত হেৰ, পৰম ৰহস্য বাণী, তুমি শুদ্ধ জ্ঞানৰ আলয়। কৃষ্ণ নিত্য শুদ্ধ বুদ্ধ, পৰম ঈশ্বৰ দেৱ, ন চাৰিবা তাহান আশ্রয় । ৯৬ ॥ কৃষ্ণ নিজ ইষ্টদেৱ, আত্মা প্রিযতম গুরু, সুহৃদ সেদৰ বন্ধুজন। কৃষ্ণে মােৰ মতি গতি, কৃষ্ণত ভকতি ৰতি, কৃষ্ণ পাৱে নিমঙ্গোক মন ॥ ৯৭ শান্ত চিদানন্দ শুদ্ধ, অনন্ত মহিমা নিত্য, নিৰ্ম্মল তৰঙ্গ চয় হীন। হেন পৰমানন্দ, অমৃত সাগৰে মজি, আচন্ত ‘ন কৰে বুদ্ধি ক্ষীণ ও ৯৮ হে হৰি সাৰ শূন্য, মৃগতৃষ্ণার্ণব জলে, শ্রান্ত হুয়া মহা মােহ পঁও। স্নান পান আচমন, কৰোহে। ৰমণ