পৃষ্ঠা:নামঘোষা.djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

{ ১০ } ৩ কিঞ্চিতেকো নাহিকে প্রয়াস। গুলুব্ধ হৰি, কীৰ্ত্তন কৰন্তে আসি, হৃদয়ত হােৱন্ত প্রকাশ ॥ ৮১। যি সব চতুৰ নৰে, মাধবৰ নাম গুণ, কীৰ্তন কৰ সাৱধানে! দেৱৰ দেৱতা হৰি, তাহাৰ হৃদয় এড়ি, যাইবাক ন পৰে আৰু স্থানে ॥ ৮২৪ যিতে দেৱ ভগৱন্ত, বেদে যাক ন জানন্ত, তেঁও নিজ কীৰ্তনত বশ্য। জানি মাধৱৰ নাম, কীর্তন কৰিয়ে সদা, ইতো সবে শাস্ত্ৰৰ ৰহস্য ॥ ৮৩। হৰি ভক্তি সৰৰবৰে, সন্তোষ অমৃত জলে, কৃষ্ণ পাদপদ্ম প্ৰকাশয় । ৰাম নাম ৰাজহংস, চানিয়া আৰাৰ কৰে, শুনি অতি কৌতুক মিলয় ও ৯৪ । সমস্তে তীর্থত স্নান, কৰিলেক সৰ্ব্ব যজ্ঞে, দীক্ষিত ভৈলেক সিতে। জন। সমস্ত দানৰ ল, সিসি জনে পাইল অতি, যিতো কৰে হৰিৰ কীৰ্ত্তন ॥ ৮৫। মাধৰে বােলন্ত মােক, কৃষ্ণ কৃষ্ণ কৃষ্ণ বুলি, সদায়ে সুমৰে যিতো জনে। জল হন্তে যেন পদ্ম, নৰকৰ পৰা তাক, আপনি উদ্ধাৰৰ ৰঙ্গমনে। ৮৬ ॥ যদ্যপি দুৰ্জন কলি, হৰিৰ ভকতি পথ, কৰিলেক বিৰল প্ৰচাৰ। একান্ত শৰণে যিতো, শ্রবণ কীর্তন কৰে, ওচৰে। ন চাপে কলি তাৰ ৪৮৭ । পৰম পুরুষ হৱি, পৰম কাৰণ প্ৰভু, পৰম ঈশ্বৰ ভগৱন্ত। সদানন্দ সদাশিৱ, সত্য সনাতন হৰি, জয় জয় অচিন্ত্য অনন্ত ॥ ৮৮। জে জিহ্বা সদা তােৰ, মধুৰেসে মাত্র প্রিয়, জান তই ৰসৰসাৰক। আন তেজি নিৰন্তৰে, কৰিয়ােক মাত্র পান,, নাৰায়ণ নাম অমৃতক ॥ ৮৯। হে জিহ্বা সদ। তই, আমাত নির্দয়া ভৈলি, কেনে নাে বােলস রাম বাণী।