এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৫
নল-দময়ন্তী।
ৰাজা ঋতুপৰ্ণ, পালে চতুৰ্ব্বৰ্ণ;
বঞ্চাহা হুয়া সাৰথী॥
বৈদভী ৰূপসী, তোমাৰ প্ৰিয়সী;
আৰু পুত্ৰ কন্যা দুই।
অচিৰে পাইবা, নিশ্চয়ে জানিবা;
নেমানা ৰাজা সংশয়॥
স্মৰিবাহা মোক, পাইবা ৰূপক,
ৰাজ্যও পাইবা পুনঃ।
এতেক কহিয়া, বস্ত্ৰ এক দিয়া;
নাগ ভৈলা অন্তৰ্ধান॥
উমাকান্তাত্মজ, পূৰ্ণকান্ত দ্বিজ
ভণে বন্দি কৃষ্ণপদ।
কৰ্ক্কোটক গুণ, যি কৰে শ্ৰৱণ
নহৱে তাৰ আপদ॥
⸻:0:⸻
ঋতুপৰ্ণ ৰাজাৰ দেশত নলৰ প্ৰবেশ।
কানন ত্যজি ৰায়, ধীৰে ধীৰে চলি যায়;
অযোধ্যাত ভৈলা উপনীত।
তৈতে ঋতুপৰ্ণ ৰজা, মহাবীৰ মহা তেজা;
জ্ঞানী দানী সুধীৰ চৰিত॥