পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৪
নল-দময়ন্তী।

সাধিয়া স্বকৰ্ম্ম,  প্ৰকাশি স্বধৰ্ম্ম,
  কৰিলা মোক দংশন।
তুমি মহা খল,  দিলা প্ৰতিফল,
  মোৰ হন্তে পায়া প্ৰাণ॥
নাহি দোষ তোৰ,  স্বভাব জাতিৰ,
 অকৃতজ্ঞ খল জাতি।
বোলে নাগপতি,  নেভাবা দুৰ্গাত,
 কৈলো উপকাৰ আতি॥
তযু দেহে কলি,  মৰিবেক জ্বলি,
 কাল কুটৰ জ্বালায়।
তোমাক এড়িয়া,  যাইবে চলিয়া,
 নকৰিবা কিছু ভয়॥
কুৎসিত অকাৰ,  ভৈলা নৰবৰ,
 দেহা দেখা আপোনাৰ।
দুখৰ সময়,  শোভা নাহি পায়,
 সুলক্ষণ কলেৱৰ।
এহি বেশে আবে,  যৈত তুমি যাবে;
 কেওঁৱে নিচিনিব ভূপ।
এতেকতে মই,  চিন্তিয়া উপায়;
 দংশিয়া কৈলো কুৰূপ॥
শুনা উপদেশ,  ধাৰ্ম্মিক নৰেশ;
 অযোধ্যাত কৰা গতি।