পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৬
নল-দময়ন্তী।


পণ্ডিতে বেঢ়িছে সভা,  ইন্দ্ৰ সভা জিনি শোতা
  শাস্ত্ৰৰ প্ৰসঙ্গ ৰাত্ৰি দিন।
মহা মহা বীৰগণ,  কৰে নানা আলোচন;
  আৰু কত বহিছে প্ৰবীণ॥
নটীয়ে কৰিছে নৃত্য,  চাৰি পাশে বেঢ়ি ভৃত্য;
  চামৰেৰে কৰে সমীৰণ।
শ্বেত ছত্ৰ ধৰে শিৰে,  ভাটে যে ভটিমা পঢ়ে;
  ৰাজকাৰ্য্য কৰে আলোচন॥
ই সময়ে নলৰাজ,  আসিলা সভাৰ মাজ;
 ছিন্ন বস্ত্ৰ মলিন আকাৰ।
দেখি ঋতুপৰ্ণ ৰায়,   সমাদৰে বহুৱাই;
  জিজ্ঞাসা কৰিলা সমাচাৰ॥
কৈত ধাম কিবা নাম,  হেথা আছে কি সকাম;
  আৰু তুমি হোৱা কোন জাতি।
নল বোলে নৰপতি,  কহো মোৰ গুড়ি আঁতি;
 শুনা ৰাজা মোহোৰ মিনতি॥
আছিলো নলৰ ৰাজ্যে,  নিযুক্ত সাৰথী কাৰ্য্য়ে
  সুত জাতি নামত বাহুক।
নলৰাজা গৈলা বনে,  ভৈলো দুঃখী সিকাৰণে;
  পুষ্কৰেও দুঃখ দেই মোক॥
যদি ৰাখা থাকো মই,  অশ্বগণে ৰাখো গই;
 শুনা ৰাজা কৰোহো মিনতি।