পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৩
নল দময়ন্তী।

শুনি কৰ্কোটক,  মাতিলা নলক,
 কৰ্কোটক সৰ্পৰাজ॥
নাৰদৰ শাপে,  পুড়ি মৰো তাপে,
  শুনা শুনা নৃপমণি।
দেখি তযু মুখ,  অন্ত ভৈল দুঃখ,
 শাপান্ত কহিলা মুনি॥
বিলম্ব ন কৰা,  সত্বৰে উদ্ধাৰা,
 পুড়ি মৰো দাবানলে।
পৰ্ব্বত আকাৰ,  দেহা ভয়ঙ্কৰ,
  নিয়া ধৰি তুলি বলে॥
শুনি নৰপতি,  গৈয়া শীঘ্ৰগতি,
 সৰ্পক কন্ধত লই।
অনলৰ হন্তে,  আনিলা তুৰন্তে,
 সৰ্পক কৈলা নিৰ্ভয়॥
পাইয়া অভয়,  নাগবৰ কয়,
  তাৰিলা মোক ইবাৰ।
উপকাৰ মানি,  দেখা নৃপমণি,
 সাধো তোৰ উপকাৰ॥
এতেক কহিয়া,  নলক ধৰিয়া,
 দংশিলন্ত ফণিৰাজ।
ৰাজা বোলে ভাল,  তুমি মহা কাল,
 প্ৰাণ আবে ভৈল বাজ॥