পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮২
নল-দময়ন্তী।

বান্ধৈ তিনি দিন,  আহাৰ বিহীন,
  নিদ্ৰাযুক্তা পতিব্ৰতা।
পাষাণৰ হৃদি,  বান্ধে মোৰ বিধি,
  নলৈলো তাৰ বাৰতা॥
বিনাইয়া নল,  গৈয়া সেহি স্থল,
  দময়ন্তী নাহি পায়।
দশো দিশ শূন্য,  নল ভৈলা ক্ষুন্ন,
  ভূমে পড়ি মূৰ্চ্চা যায়॥
কৰে বহু খেদ,  হিয়া ভৈল ভেদ,
  মই পৰম নিষ্ঠুৰ।
জলে পড়ি মৰো,  দুঃখ পৰিহৰো,
  শোকক কৰোহো দূৰ॥
এত চিন্তি ৰায়,  মৰিবাক যায়,
  শুনিলন্ত আৰ্ত্তধ্বনী।
শুন পূণ্য শ্লোক,  ৰক্ষা কৰা মোক,
  ৰাখা প্ৰাণ নৃপমণি॥
দাবানলে মই,  নিস্তাৰাহা ৰাই,
  কীৰ্তি ঘুষিব জগত।
শুনি দয়াময়,  দিলন্ত অভয়,
  মোক কোনে দিয়া মাত॥
মা ভয় মা ভয়,  দিলোহো অভয়,
  কোন তুমি অগ্নি মাঝ।