পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮১
নল-দময়ন্তী।


উচ্ছিষ্টক ন পশিবো পদে নেদো হাত।
এহি ব্ৰত আছে মোৰ কহিলো তোমাত॥
সেহিমতে থাকা বুলি ভৈমীক কহিয়া।
ডাকিলা সুনন্দা নামে আপোন তনয়া॥
ৰাজৰাণী বুলিলেক তনয়াক মাতি।
সখী কৰা আই তুমি এইৰ সংহতি॥

⸻:0:⸻



নলৰ খেদ ও কৰ্কোটকৰ দংশন।



ভাৰ্যা এড়ি নল,  ভৈলাহা বিহ্বল,
 চলিলন্ত শীঘ্ৰ পাৱে।
বায়ুবেগে ধাইলা  পিছে নচাহিলা,
  শ্ৰমে জল বহে গাৱে॥
কিছু দূৰ গৈয়া,  বিয়াকুল হুইয়া,
  শীৰে কৰাঘাত হানে।
কি কৰিলো হাঁয়,  ত্যজিয়া ভাৰ্য্যায়,
 আবে পুড়ি মৰো প্ৰাণে ॥
অসামান্যা কন্যা,  ৰূপে গুণে ধন্যা,
 দেৱতা ইচ্ছিলে যাক।
নভজি দেৱক,  ভজিলেক মোক,
 কোন দোষে ত্যজো তাক॥