পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮০
নল-দময়ন্তী।


এতেক গুণিয়া ভৈমী কৰিলা গমন।
ধূলাতে মলিন দেহা বিবৰ্ণ বদন॥
ভস্মত ঢাকিয়া যেন সুবৰ্ণৰ লতা।
দাসী মুখে ইলাবতী শুনিয়া বাৰতা॥
লিগিৰী পঠাই আনে অন্তেষ পুৰত।
পৰিচয় জিজ্ঞাসিলা ৰাণী যথোচিত॥
কাহাৰ নন্দিনী তুমি কাহাৰ গৃহিণী।
কিয় পাগলিনী ভেষে ভ্ৰমা একাকিনী॥
দময়ন্তী বোলে শুনা কহো ৰাণী আই।
বৈদৰ্ভীৰ সহচৰী আছিলোহো মই॥
পতি সনে গৈলা ভৈমী এড়ি ৰাজ্য আশা।
পুষ্কৰে কৰিলে মোৰ এনুৱা দুৰ্দ্দশা॥
এতেক বুলিয়া সতী কৰিলা ৰোদন।
আশ্বাস কৰিলা ৰাণী বুলি সুবচন॥
নেকান্দাহা কন্যা তুমি চিত্ত কৰা স্থিৰ।
তযু দু:খ দেখি মোৰ বিদৰে শৰীৰ॥
ইলাৱতা বোলে শুনা বচন আমাৰ।
মোৰ ঘৰে থাকা তুমি শঙ্কা নাহি আৰ॥
ভৈমী বোলে যদি আই ভৈলাহা সদয়।
তেবেসে থাকিব পাৰো তোমাৰ আলয়॥
পুৰুষৰ সঙ্গে মোৰ নুহিবে কথন।
পুৰুষৰ পাশক ন যাইবো কদাচন॥