পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নল-দময়ন্তী।

ক্ষণে হাসা ক্ষণে নাচা বাউলী হুইয়া।
ৰাক্ষসী পিশাচী কিম্বা মানুষৰ জায়া॥
কোন তুমি কিয় ভ্ৰমা নিজান কাননে।
সত্য পৰিচয় তুমি দিয়া এতিক্ষণে॥
দময়ন্তী বোলে নোহো পিশাচী ৰাক্ষসী।
স্বামীক বিচাৰি ফুৰো মই যে মানুষী॥
অৰণ্যৰ মধ্যে স্বামী এড়ি গৈলা মোক।
সত্যে সত্যে কোৱা যদি দেখিয়াছা তাঙ্ক॥
এতেক শুনিয়া বোলে বণিক নন্দন।
তোত বিনে এহি বনে নাহি দেখো আন॥
ছেদি ৰাজ্যে যাওঁ আমি বাণিজ্য কাৰণে।
আসা আমাসাৰ লগে যদি ধৰে মনে॥
আশ্বাস পাইয়া তেবে চলিলা সংহতি।
পথত হস্তীয়ে পাই কৰে লটিঘটি॥
বৃক্ষত উঠিয়া সতী বঞ্চিলা ৰজনী।
পৰদিনে ছেদি ৰাজ্যে প্ৰবেশিলা ধনী॥
কান্দি কান্দি কৰে ভৈমী নগৰে প্ৰবেশ।
বসন নাহিক অঙ্গে পাগলিনী বেশ॥
মনে মনে দময়ন্তী কৰয় ভাবনা।
মাতৃৰ ভগিণী মোৰ সুবা হু অঙ্গনা॥
বঞ্চবোহো কিছু কাল মাসীদেৱী ঘৰে।
নতুবা মাগিয়া ভিক্ষা খাইবো ঘৰে ঘৰে॥