পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভস্ম ভৈলা তেতিক্ষণে ব্যাধ কলেৱৰ।
পোড়া জুমুধিৰ প্ৰায় ভৈলন্ত আকাৰ॥
সতীৰ চৰিত্ৰ জানা অপূৰ্ব্ব কাহিনী।
পদবন্ধে ভণে পূৰ্ণ স্মৰিয়া ভৱানী॥
শুনিলে লভয় নৰ আতি দিব্য জ্ঞান।
কলি ভয় নাহি থাকে স্বৰূপ বচন॥
অৰণ্য পৰ্ব্বৰ কথা নলৰ চৰিত্ৰ।
পুণ্য কথা ভাৰতৰ শুনিলে পবিত্ৰ॥

⸻:0:⸻



দময়ন্তীৰ সুবাহুৰ নগৰে গমন।



নদনদী কণ্টক পৰ্ব্বত ঘোৰ বনে।
ৰাতি দিনে চলি যাৱে নিৰাতঙ্ক মনে॥
ক্ষুধায়ে তৃষ্ণায়ে আতি বদন মলিন।
হেন মতে অৰণ্যত ভ্ৰমে কতো দিন॥
একদিনা দৈব যোগে দেখে নদী কুলে।
বাণিজ্যৰ দ্ৰব্য লই বহু লোক চলে॥
ভৈমীক দেখিয়া সবে বিস্ময় হুইলা।
ডাকিনী যুগুনী বুলি ভয়তে পলাইলা॥
তাসম্বাৰ মধ্যে জ্ঞানবন্ত একজন।

      • জিজ্ঞাসিলা স্থিৰ কৰি মন॥