পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭২
নল-দময়ন্তী।

তৰুসমে লতা যেনে,  আছিলোহো মই তেনে;
  কিয় মোক কৰিলা অভাগী॥
কণ্টকে বিন্ধিলে পাৱ,  শক্তিহীন ভৈল গাৱ;
  ৰুধিৰত লিপ্ত ভৈল দেহ।
তুমি কায়া মই ছায়া,  বুলি আছা কৰি দায়া;
  কোন দোষে এড়া আবে স্নেহ॥
প্ৰতিজ্ঞা কৰিলা পূৰ্ব্বে,  সাক্ষী কৰি সৰ্ব্বদেৱে;
  মোক নছাড়িবা কদাচন।
প্ৰাণত অধিক কবি,  হৃদয়ই থাকা ধৰি;
  ধৈৰ্য্য এড়া নেদেখিলে ক্ষণ॥
ধাৰ্ম্মিকৰ চুড়ামণী   পণ্ডিতৰ অগ্ৰগণী;
  ভূপতিৰ শ্ৰেষ্ঠ শিৰোমণি।
কি কাৰণে আজি মোক,  দিলা এহি মহা শোক;
  বনে মোক কৰিলা দুঃখিনী॥
ইন্দ্ৰ আদি দেৱে তাজি,  তোমাক আছোহো ভজি;
  কৰা কৃপা কৰুণা সাগৰ।
তযু পুত্ৰ কন্যা দুই,  সোণৰ পুতলি প্ৰাই;
  অনাথ ভৈলেক আজি ঘোৰ॥
বিপুল ৰাজ্যৰ ভাৰ,  ত্যজি ভৈলা দিগম্বৰ;
  আবে প্ৰভু ত্যজিলাহা মোক।
শুনা দেৱৰ পুষ্কৰ,  সিদ্ধ মনোৰথ তোৰ;
  নিৰাপদে ভুঞ্জা ৰাজ্য সুখ॥