এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৩
নল-দময়ন্তী।
বাঘ ঘোঙ্গ সিংহ গঁড়, কৰে আৰ্ত্তৰাৱ ঘোৰ;
আগতে ওলাই বাৰম্বাৰ।
শব্দ শুনি ভয়ঙ্কৰ, গাৱ কাম্পে থৰ থৰ;
দেখি ধাতু উড়ি যাই মোৰ॥
বন জন্তু খাই মাৰে, একাকিনী পাই মোৰে;
ৰক্ষা কৰা নোহোৱা নিৰ্দ্দয়।
তযু শয্যাৰ সঙ্গিনী, অৰণ্যত একাকিনী;
বন জন্তু হাতে প্ৰাণ যায়॥
তোমাৰ বিহনে মোৰ, লোতক বহে নেত্ৰৰ;
ধূলিত ধূসৰ কলেৱৰ।
মুখত ধৰিয়া মুখ, সাম্পটি ধৰিয়া যাক;
ভুজপাশে বান্ধি গলা যাৰ।
সতৃষ্ণ নয়নে চাসি, মুখত মিছিকি হাসি;
অন্তৰক তুষি অছা যাৰ॥
ঘৰ্ম্ম বিন্দু দেখি যাৰ কৰা তুমি হাহাকাৰ;
আবে তাৰ ৰক্তাক্ত শৰীৰ॥
যাক নেদেখিলে ক্ষণ, চাকইৰ বিহনে যেন;
চকোৱা কৰয় ধৰফৰ।
হেন তযু প্ৰণয়িণী, ভৈলে আবে অনাথিনী;
দেখা আসি প্ৰাণৰ ঈশ্বৰ॥
শুনা বন দেবী অই, মিনতি কৰোহো মই;
কহা কোন পথে গৈলা পতি।