পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭১
নল-দময়ন্তী।

তিন দিন অনাহাৰী,  মহাদুঃখে যাওঁ মৰি;
  গাৱত শকতি নাহি আৰ।
কুমাৰৰ চাক প্ৰায়,  মুণ্ড মোৰ ঘূৰি যায়;
 দশো দিশ দেখো অন্ধকাৰ॥
মশকে দংশিলে যাক,  কৰা তুমি হাঁ হুতাস;
  আবে কিয় ভৈলা নিদাৰুণ।
ত্যজি সব দয়া মায়া,  বজ্ৰেৰে বান্ধিয়া হিয়া;
  বনে গৈলা কিসৰ কাৰণ॥
ত্যজি পিতৃ মাতৃ ভ্ৰাতৃ,  আৰু তনয় দুহিতৃ;
 কেৱলে তোমাক কৰি আশ।
আসিলো অবণ্যে মই,  সুখ দুঃখ ভাগী হই;
 আবে মোৰ তৈল সৰ্ব্বনাশ॥
পতিব্ৰতা ধৰ্ম্ম ধৰি,  চৰণত সেৱা কৰি;
  একে লগে বঞ্চিবো দুজন।
হেন আশা কৰি মনে,  সঙ্গক নেড়িয়া বনে;
 গৃহ এড়ি কৈলো আগমন।
যাতনা নসহে আৰ,  কহো বাণী সকাতৰ;
 ক্ষমা কৰা প্ৰাণপতি মোৰ।
লুকাইয়া আছা যদি,  দেখা দিয়া প্ৰাণ পতি;
  প্ৰাণ মোৰ কৰে ধৰফৰ॥
ছিঙ্গিয়া প্ৰণয় ডোৰ,  পাশ এড়ি গৈলা মোৰ;
 আবে মই যাওঁ কৈক লাগি।