সমললৈ যাওক

পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭০
নল-দময়ন্তী।

বন পৰ্ব্বে নলাখ্যান যেই জন শুনে।
অশেষ দুঃখৰ পাৰ হোৱে সেই জনে॥
ব্যাসৰ বচন আত নাহিকে সংশয়।
পদ বন্ধে ৰচি পুৰ্ণকান্ত দ্বিজে কয়॥
নিদ্ৰা ভঙ্গে ৰূপৱতী,  পাশত নেদেখি পতি,
  দময়ন্তী মানিলা বিস্ময়।
ভয়তে কম্পিত তনু,  ৰাহুগ্ৰস্ত যেনে ভানু,
  ভূমিত পড়িলা মুৰ্চ্চা হুই॥
আছিলোহো এক সাত,  কৈক গৈলা এড়ি নাখ;
 ভয়ে মোৰ স্থিৰ নোহে মতি।
শৰীৰ অবশ মোৰ  দেখো ঘোৰ অন্ধকাৰ;
  তোমাৰ বিহনে প্ৰাণপতি॥
কৈক গৈলা প্ৰাণেশ্বৰ,  ডাকো মই সকাতৰ;
 দেখা দিয়া কৰোহো মিনতি।
একে মহা ঘোৰ বন,  তাতে হিংস্ৰ জন্তুগণ;
  চাৰি পাশে কৰে আৰ্ত্তৰাব॥
ৰাখি একাকিনী মোক,  কৈক গৈলা পুণ্যশ্লোক;
  দময়ন্তী হৃদয় বান্ধৱ॥
কোন মহা দোষে দোষী,  ইহলোকে এই দাসী;
  কহা প্ৰভু তোমাৰ চৰণে।
কিয় ভৈলা নিদাৰুণ,  কেঁৱা মোৰ প্ৰাণধন;
 জীওঁ আবে মই কোন প্ৰাণে॥