পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৯
নল-দময়ন্তী।

সিংহ ব্যাঘ্ৰ সমাকুল এহি ঘোৰ বনে।
কি গতি হুইবে প্ৰিয়া মোৰ অবিহনে॥
হে সূৰ্য্য পৱন চন্দ্ৰ বনৰ দেৱতা।
তোমা সৱে ৰক্ষা কৰা মোহোৰ বনিতা॥
শৰত চন্দ্ৰৰ কান্তি দময়ন্তী মুখ।
কেন মতে এড়ো আক দিয়া বহু দুঃখ॥
কলি বশে নল ৰাজা হুইলা নিষ্ঠুৰ।
তথাপিতো ভৈলা ৰাজা আতি শোকাতুৰ॥
এতেক বুলিয়া ৰাজা কৰিলা গমন।
পুনঃ কতো দূৰ হন্তে আসিলা ৰাজন॥
কলিত আছন্ন ৰাজা দুই ফালে মন।
ভাৰ্য্য়া স্নেহ এড়িবাক নপাৰে ৰাজন॥
দময়ন্তী মুখ চাহি পুনঃ বোলে বাক।
অনাথা কৰিয়া প্ৰিয়ে যাইবো তোমাক॥
যাৰ অৰ্থে আকিঞ্চন কৰে দেৱগণে।
মই নৰাধমে তাক এড়ি যাওঁ বনে॥
কদাচিতো বিধি যদি হোৱে অনুকুল।
তেবেসে তোমাৰ সহ হুব পুনঃ মিল॥
কলিবশে মন পুনঃ ভৈলেক চঞ্চল।
ভৈমীক এড়িয়া গৈলা নৰপতি নল॥
শীঘ্ৰ বেগে চলি ৰাজা গৈলা তেতিক্ষণ।
প্ৰবেশ কৰিলা গৈয়া দুৰ্ঘোৰ কানন॥