পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৮
নল-দময়ন্তী।


এই ঘোৰ অৰণ্যত তৈমী যদি থাকে।
দহিব অন্তৰ মোৰ আতি দুঃখ শোকে॥
ত্যজিয়া কাননে আক যাওঁ স্থানান্তৰ।
মোক নেদেখিলে সতী সঙ্গে পথিকৰ॥
বাপৰ ঘৰত তেবে কৰিবেক গতি।
দুঃখৰ সাগৰ হন্তে পাইবে মুকুতি॥
একলে এড়িয়া যাইবো ঘোৰ বনস্থল।
এহি চিন্তাতেসে মই ভৈলোহো বিহ্বল॥
তপস্বিনী পতিব্ৰতা ভকতি আমাতে।
আঙ্ক বল কৰে হেন নাহি ত্ৰিজগতে॥
কলিত আছন্ন ৰাজা হত নিজ জ্ঞান।
কেন মতে ত্যজো আক গুণে মনে মন॥
একেখানি বস্ত্ৰ পিন্ধি আছো দুই জনা।
কেন কৰি ছিঙ্গোঁ বস্ত্ৰ কৰে আলোচনা॥
ৰজাৰ কামনা বুজি কলি আসি ঝন্তে।
খড়গৰূপ ধৰি পড়ি থাকিলা আগতে॥
অস্ত্ৰক দেখিয়া ৰাজা হৰষিত ভৈলা।
মাজতে কাটিয়া বস্ত্ৰ দুখনি কৰিলা॥
তথা হন্তে ধীৰে ধীৰে গমন কৰিলা।
কতো দূৰে যাই ৰাজা উলটি আসিলা॥
দেখিলা বৈদৰ্ভী নিদ্ৰা যাৱে অচেতন।
বিয়াকুল ভৈলা ৰাজা কৰিলা ক্ৰন্দন॥