পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯
নল-দময়ন্তী।


শুনাহা কুৱঁৰী আই কহো সত্য বাণী।
পাশাত মগন ভৈলা নল নৃপমণি।
ধন সোণ হাতী ঘোড়া যতেক সম্পতি॥
পাশাত হাৰিলা ৰাজা ছন্ন ভৈল মতি।
যি হয় যুগুত ৰাণী কৰা শীঘ্ৰগতি॥
পাৰা যদি নিবৰ্ত্তায়া আনা নৰপতি।
এতেক ভাৰতী শুনি দময়ন্তী সতী॥
শীঘ্ৰগতি চলি গৈলা বিষাদিত আতি।
কাকুতি মিনতি কত বুলিলা বচন ॥
কলিত আছন্ন ৰাজা নিদিলেক মন॥
শীৰে কৰাঘাত কৰি ঢাকুৰিয়া হিয়া।
অন্তেষপুৰক ৰাণী গৈলাহা কান্দিয়া॥
ধাত্ৰীক সম্বোধি ৰাণী বুলিলা বচন।
সাৰথিক ডাকি তুমি আনা এতিক্ষণ॥
অজ্ঞা পাই তেবে ধাই চলিগৈলা ঝন্তে।
সাৰথিক লগে লই আসিলা তুৰন্তে॥
সাৰথিক দেখি ৰাণী বুলিলা বচন।
সৰ্ব্বনাশ হেতু পথ কৰিলা ৰাজন॥
পুত্ৰ কন্যা দুই জনে ত্বৰিত গমনে।
বাপাৰ ঘৰত তুমি ৰাখা এতিক্ষণে॥
পলম নকৰা ৰথ আনা শীঘ্ৰগতি।
আজ্ঞা মাত্ৰ ৰথখান আনিলা সাৰথি॥