পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮
নল-দময়ন্তী।


নলৰ শৰীৰে মই কৰিলো প্ৰবেশ।
অচিৰে কৰিবো মই আৰ ৰাজ্য নাশ॥
পাশাখেলা পণ কৰি তাহাৰ সহিত।
জিকাইয়া দিবো মই জানিবা নিশ্চিত॥
কলিৰ মায়াতে ছন্ন পুষ্কৰ দুৰ্জ্জন।
ৰাজ্য ভুঞ্জিবাক তাৰ ভৈলেক যে মন॥
কলিসমে পুষ্কৰ আসিলা তান বাসে।
নলৰ পাশক গৈয়া বোলে মৃদুভাষে॥
তযু সহ দদা আজি খেলিবোহো পাশা।
দেখো কেন কৰি তুমি কহা সত্যভাষা॥
কলিৰ মায়াত ৰাজা বুদ্ধি বিপৰীত॥
পাশা খেলা পাতিলেক সোদৰ সহিত॥
দ্বাপৰ ভৈলেক পাশা খেলা কৰে কলি।
পেলাৱে পুষ্কৰ পাশা জয়ৰাম বুলি॥
প্ৰথমতে কৈলাপণ ভণ্ডাৰৰ ধন।
সেই বাজি জিতিলেক পুষ্কৰ দুৰ্জ্জন॥
হাতি,ঘোড়া দাস দাসী ৰথ সেনাগণ।
একে একে পুষ্কৰ জিনিলা তেতিক্ষণ॥
সুহৃদ বান্ধৱ পাত্ৰ মিত্ৰ যত জন।
কেওৱে নোৱাৰিলে নলে কৰিতে বাৰণ॥
তেবে যত বন্ধুগণ একত্ৰ হইয়া।
ৰাণী দময়ন্তীক যে নিবেদিলা গৈয়া॥