পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০
নল-দময়ন্তী।


ৰথত তুলিয়া কন্যা পুত্ৰ দুই জন।
পঠাইয়া দিলা তেবে বাপাৰ ভবন॥
পুষ্কৰৰ সঙ্গে পাশা খেলি ৰাজা নল।
ক্ৰমে ক্ৰমে ৰাজ্য ধন হাৰিলা সকল॥
বসন ভূষণ আৰু ৰত্ন অলঙ্কাৰ।
সকলো হাৰিলা ৰাজা নাহি কিছু আৰ॥
হাসিয়া পুষ্কৰ তেবে বুলিলা বচন।
দময়ন্তী ৰাণীক ইবাৰ কৰা পণ॥
এতেক শুনিয়া নল আৰক্ত নয়ণ।
গাৱহন্তে খসাইলেক ৰাজ আভৰণ॥
একবস্ত্ৰ পিন্ধি ৰাজা বাহিৰ হুইলা।
অন্তেষ পূৰত ৰাণী শুনিবাক পাইলা॥
অঙ্গৰ ভূষণ যত পেলাইলা খুলিয়া।
চলিলা ৰাজাৰ সঙ্গে একবস্ত্ৰা হুইয়া॥
ঢোল পিটি আজ্ঞা দিলা দুৰন্ত পুষ্কৰ।
আজি হন্তে ভৈলো মই নৈষধ ঈশ্বৰ॥
নলক আশ্ৰয় দিয়া ৰাখিবে যি জন।
সবংশে সহিত তাক কৰিবো নিধন॥
ৰাজ্যে ৰাজ্যে এহি আজ্ঞা প্ৰচাৰ কৰিলা
পুষ্কৰৰ ভয়ে কেওঁৱে নলে নৰাখিলা॥
তিন ৰাত্ৰি ছিলা নল নগৰ ভিতৰ।
ভোক পিয়াসতে আতি ক্লান্ত কলেৱৰ॥