পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭
নল-দময়ন্তী।


আচাৰ বিহীন ভৈল যতেক ব্ৰাহ্মণ।
যাগ যজ্ঞ ব্ৰত আদি কৰিলা বৰ্জ্জন॥
মিছা প্ৰবঞ্চনায়ে যুড়িলা ৰাজ্যখন।
অনাচাৰী যত প্ৰজা হিংসয় ব্ৰাহ্মণ॥
গৰুমাৰি ছাগ বুলি হাটত বিকয়।
চোৰ চণ্ডালৰ একো নৰহিল ভয়॥
অন্ন যোনী বিচাৰ নকৰে প্ৰজাগণ।
ছেগ চাই পৰদাৰ হৰে পৰধন॥
বেইতা স্বামীক এড়ি কুলৰ কামিনী।
বটুৱাৰ সহবাসে পুহাই যামিনী॥
শাশুৰীক মাৰে ঢকা বোলে বেটা বুড়ী।
বাপে পোৱে মাৱে জীৱে কৰে মৰামৰী॥

⸻:0:⸻

নলৰ পাশা খেলা।

নলৰ সোদৰ ভাই নামত পুষ্কৰ।
ব্ৰাক্ষণৰ ভেশ ধৰি কলি দুৰন্তৰ॥
পুষ্কৰৰ পাশে গৈয়া কহিলা সত্বৰ।
শুনাহা পুষ্কৰ তুমি বচন আমাৰ॥
মই কলি তোমাক দিলোহো পৰিচয়।
তোক ৰাজ্য দিবো মই ভৈলোহো সদয়॥