পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬
নল-দময়ন্তী।


নলৰ সঙ্গত থাকি কলি অনুক্ষণ।
ছিদ্ৰ চাই ফুৰে সদা কপটী দুৰ্জ্জন॥
তথাপিতো নাহি কিছু পাৱে পাপলেশ।
হেনমতে অতিপাত দ্বাদশ বৰিষ॥
একদিন দৈবযোগে নৰপতি নল।
ভ্ৰমে ক্ষুদ্ৰ শৌচ কৰি নলৈলেক জল॥
পাইলেক যে ছল কলি দেখি পাপ লেশ।
নলৰ শৰীৰে আসি কৰিলা প্ৰবেশ॥

⸻:0:⸻

নলৰ শৰীৰত কলিৰ প্ৰবেশ।

কলি যদি প্ৰবেশিলা নলৰ শৰীৰে।
ধৰ্ম্ম কৰ্ম্ম সব ৰাজা ত্যজিলা অচিৰে॥
ভাগৱত পাঠ আৰু দেৱতাৰ পূজা।
আনো নানা সদকৰ্ম্ম এড়িলন্ত ৰাজা॥
ব্যসনত আসক্ত ভৈলেক নৰপতি।
কুআচাৰ পাপকৰ্ম্ম কুক্ৰিয়াত ৰতি॥
এড়িলা বাৰ্ষিক পূজা আৰু শ্ৰাদ্ধ-শান্তি।
বেশ্যা কৰ্ম্ম কবি নাশে যতেক বিভুতি॥
ৰাজাৰ পাপত ৰাজ্য গৈল অধোগতি।
বেদ পঠ কৰে শূদ্ৰ বিপ্ৰ ছন্নমতি॥