সমললৈ যাওক

পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৫
নল-দময়ন্তী।


দেৱগণৰ সহিত কলিৰ সাক্ষাৎ।

ভৈমী যেবে নলক কৰিলা মাল্যদান।
দেৱগণ লাজ পাই ভৈলা অন্তৰ্দ্ধান॥
চলিলা দেৱতাগণ অমৰ আলয়।
দ্বাপৰ কলিৰ সমে পথে দেখা হয়।
বাৰ্ত্তা শুনি দময়ন্তী হবে স্বয়ম্বৰা।
কন্যাক পাইবো বুলি চলি আসে ত্বৰা॥
প্ৰণাম কৰিলা কলি দেৱতা চৰণে।
জিজ্ঞাসিলা কৈক যাহা মিলি চাৰিজনে॥
দেৱগণে বোলে শুনা স্বৰূপ বচন।
দময়ন্তী স্বয়ম্বৰে গৈলো চাৰিজন॥
আমাসাক নভজিয়া নলে ভজে পতি।
আৰে নিজ স্থানে সবে যাওঁ শীঘ্ৰগতি॥
দেৱতাৰ মুখে শুনি প্ৰশ্নৰ উত্তৰ।
ক্ৰোধত কলিৰ গাৱ কাম্পে থৰ থৰ॥
দেৱতাক ত্যাগ কৰি নৰে ভজে পতি।
দেখিবো তাইক কেনে পতিব্ৰতা সতী॥
ইন্দ্ৰে বোলে শুনা কলি কোপ কৰা ক্ষমা।
নলক নেদিবা দুঃখ ধাৰ্ম্মিক অসীমা॥
অত্যন্ত কপটী কলি কথা নাহি শুনে।
কোন মতে ছলো নলে এহিমাত্ৰ গুণে॥