পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪
নল-দময়ন্তী।


স্বদেশক গৈয়া ৰাজা পৰম কৌতুকে।
দ্বাদশ বৎসৰ ৰাজা বঞ্চে মহাসুখে॥
কতো দিনান্তৰে ৰাণী গৰ্ভৱতী ভৈলা।
যথাকালে মহাসতী পুত্ৰ প্ৰসবিলা॥
কন্দৰ্প জিনিয়া পুত্ৰ ৰূপৰ আধাৰ।
পুত্ৰমুখ দেখি ৰাজা আনন্দ অপাৰ॥
ইন্দ্ৰসেন নাম ৰাখে কৰিয়া যতন।
বিপ্ৰগণে দিলা ৰাজা বহু ধন সোণ॥
তদন্তৰে আৰু এক কন্য়া জন্ম ভৈলা।
ইন্দ্ৰসেনী নাম ৰাজা যতনে ৰাখিলা॥
দিনে দিনে বাঢ়ে দুই যেন চন্দ্ৰকলা।
দেখি ৰাজা ৰাণী ভৈল আনন্দতে ভোলা॥
পুত্ৰ কন্যা পালে ৰাণী কৰিয়া যতন।
ৰাজকাৰ্য্য় কৰে ৰাজা স্থিৰ কৰি মন॥
পুত্ৰবতে পালে প্ৰজা ধৰ্ম্ম কৰ্ম্মে ৰত।
ৰোগী দুঃখী নাই কোন নলৰ ৰাজ্যত॥
আপোন স্বধৰ্ম্ম ৰাজা পালি নিৰন্তৰ।
ৰাজ্যক শাসিয়া সুখ ভূঞ্জয় অপাৰ॥
মলৰ কথাক আবে এহি মনে ৰওঁ।
দেৱগণে যি কৰিলা বিবৰিয়া কওঁ॥

_________:০:____________