পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১
নল-দময়ন্তী।


তামোল যোগাইবা সদা পদতলে বসি।
স্বামী যদি ক্ৰোধ কৰে থাকিবাহা সসি॥
তোৰ ভাগ্যে পাই আছ নল মহামতি।
পৃথিবী যুড়িলে যাৰ অক্ষয় কীৰিতি॥
কন্দৰ্পৰ ৰূপ জিনি সুকোমল কায়।
অপেস্বৰীগণে যাক দেখি মোহ যায়॥
ৰূপে গুণে বলে বীৰ্য্য়ে ভুবনে অতুল।
ইন্দ্ৰ আদি দেৱে যাক নোহে সমতুল॥
সত্যবাদী জিতেন্দ্ৰিয় মৰ্য্যদা সাগৰ।
নবীন বয়স যেন পূৰ্ণ শশধৰ॥
হেন স্বামী লভি আছা পূৰ্ব্ব পুণ্যফলে।
আপোন যৌবন দিয়া বঞ্চিবা কুশলে॥
পতিব্ৰতা নাৰীক ডৰয় ত্ৰিজগত।
সুৰাসুৰ নাগ নৰ হোৱে ভয়ে ভীত॥
ব্ৰহ্মা, বিষ্ণু মহেশৰো হিয়া কপি যায়।
সতী যদি কদাচিত ক্ৰোধ যুতা হয়।
শশুৰ শাশুৰী আদি যত গুৰুজন।
ভক্তিভাৱে সবাৰো তুযিবা তুমি মন॥
দাস দাসী আদি যত লিগিৰী লস্কৰী।
সবাহাঙ্কো মিষ্ট বাক্যে তুষিবা সাদৰী॥
হেনমতে বুঝাইলা যত বৃদ্ধাগণ।
দময়ন্তী মুখ চাহি বিবাদিত মন॥