পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
নল-দময়ন্তী।


বৃদ্ধাগণে বোলে মাৱ দময় সুভাগী।
আশীৰ্ব্বাদ কৰো হোৱা স্বামীৰ সুৱাগী॥
হৰ গৌৰী বসতি কৰোক ভগৱতী।
অচিৰতে আই যেন হোৱা পুত্ৰবতী॥
পতিৰেক গুৰুস্ত্ৰীনাং বোলে মুনিগণ।
নাৰদৰ মুখে আমি কৰিছো শ্ৰৱণ॥
এতেকে স্বামীসে গুৰু নাহি আত বিনে।
নলৰ চৰণ তুমি সেবা ৰাতি দিনে॥
নিদ্ৰা আলস্য়ক তুমি দূৰতে ত্যজিবা।
এক চিত্ত মন হুয়া স্বামীক ভজিবা।
স্বামী যদি ছপৰাক সোণ বুলি কয়।
নুহি বুলি প্ৰত্বত্তৰ দিবে নলাগয়॥
সেই সব কাৰ্য্য়ে স্বামী সন্তোষ পাৱয়।
প্ৰাণপণে যত্ন কৰি কৰিবে লাগয়॥
যেই কাৰ্য্য়ে মাও অসন্তুষ্ট জানা স্বামী।
কদাচিতো হেন কাৰ্য্য় নকৰিবা তুমি॥
কটু কথা কদাপি নেবোলা স্বামী পাশ।
নকৰিবা স্বামী নিন্দা আৰু উপহাস॥
স্বামীৰ সুখতে সুখ তান দুঃখে দুঃখ।
বঞ্চিবাহা এহি মতে ত্যজি নিজ সুখ॥
সুমধুৰ বাক্যে সদা স্বামীক তুষিবা।
ভোজনৰ সামগ্ৰীক নিজে তুলি দিবা॥