পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২
নল-দময়ন্তী।


তেবে নাৰীগণ আনি বস্ত্ৰ অলঙ্কাৰ।
পিন্ধাইলা অতি যত্নে দেখি চমৎকাৰ॥
আছুৰীয়া চুলি টাৰ খোপাক বান্ধিলা।
মালতী চম্পাৰ চাকি তাতে পিন্ধাইলা॥
সেঁওটা ফালিয়া দিলা সিন্দুৰৰ ৰেখা।
জ্বলিল মেঘত যেন ৰামধনু ৰেখা॥
কপালত পিন্ধাইলা কুঙ্কুম সিন্দুৰ।
অগৰু চন্দন গাৱে লিপিলা প্ৰচুৰ॥
কণ্ঠত পিন্ধাইলা মণিময় ৰত্নহাৰ।
সৰ্ব্বাঙ্গ ঢাকিয়া পিন্ধাইলেক অলঙ্কাৰ॥
হেনকালে দাসী আহি বুলিলা বচন।
ৰজা পঠাইলেক মোক দেখি শুভক্ষণ॥
যাত্ৰাৰ সময় আসি ভৈল উপস্থিত।
কন্যা লৈয়া যাব লাগে সভায় ত্বৰিত॥
তেবে তিৰীগণ কৈলা উৰুলিৰ ধ্বনী।
দুৱাৰ ধৰিয়া কান্দে ৰাণী সুবদনী॥
মিলি যত সখীগণ কৰি সুমঙ্গল।
দময়ন্তী সমে উপস্থিত সভাস্থল॥
স্বৰ্ণ চতুৰ্দ্দোলে চড়ে নল মহামতি।
সখীগণে বামে বৈসাইলেক দময়ন্তী॥
মিনতি কৰিয়া ৰাজা জামাতাক মাতি।
কহিবে নপাৰে তাৰ হিয়া যায় ফাটি॥