পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৯
নল-দময়ন্তী।


নলে বোলে প্ৰাণেশ্বৰি শুনাহা বচন।
যাৱত শৰীৰে মোৰ থাকয় জীৱন॥
তাৱত নেড়িবো মই তোমাক কখন।
সত্যে সত্যে কহো মই স্বৰুপ বচন॥
তুমি কায়া মই ছাঁয়া কহিলো নিশ্চয়।
পুনঃ সত্য কৰি কহো নাহিকে সংশয়॥
হেন মতে সুখ ৰাত্ৰি প্ৰভাত হইলা।
শয্যাহন্তে উঠি নল প্ৰাতঃকৃত্য কৈলা।
নিত্য কৰ্ম্ম কৰি ৰাজা অবসৰ ভৈলা।
ষোড়শ ব্যঞ্জনে ৰাজা ভোজন কৰিলা॥
তেবে ভীম নৰপতি দুঃখিত অন্তৰ।
কন্যাক পঠাইবে লাগি চিন্তাতে অস্থিৰ
পাটৰাণী সুমতিও কান্দিবে লাগিলা।
অন্তেশ পুৰত ক্ৰন্দনা ৰোল ভৈলা॥
মাহিয়তী পেহিয়তী আদি যত জন।
বিনাইলা কান্দে সবে দময়ন্তী গুণ॥
মাৱে জীৱে গলাগলী কৰয় ক্ৰন্দন।
ৰাণী বোলে দময়ন্তী মোৰ প্ৰাণ ধৰো।
তোক এড়ি কেন মতে মই প্ৰাণ পৰে।
তোৰ অবিহনে মই পুড়িডেই মৰো॥
ক্ৰমে ক্ৰমে আসি মিলিলেক যত নাৰী।
চুবুৰীয়া সম্বন্ধিয়া জীয়ৰী সহাৰি॥