পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬
নল-দময়ন্তী।


বাজে বাঁহি বীণা আৰু ডবা জয়ঢাক।
বাদ্যৰ শব্দত স্তব্ধ ভৈলা দেবঝাক॥
দুই অক্ষৌহিণী সৈন্য সঙ্গতে সাজিলা।
চালি ধৰি চেৱে চেৱে চলিবাক লৈলা॥
অযুতেক হাতী চলে পৰ্ব্বত সমান।
এক লক্ষ তুৰুক চোৱাৰী বলবান॥
গায়ন বায়ন আদি যত বাদ্য দেখা।
অগণিত চলে সবে কোনে কৰে লেখা॥
যোজনৰ পথ যুড়ি চলে যাত্ৰীগণ।
কাৰো মাত কেঁওৱে কতো নকৰে শ্ৰবণ।
হেন মতে আসি উপনীত সিংহ দ্বাৰে।
ৰাজাক বাতৰি গৈয়া দিলেক যে চৰে॥
দুৱাৰে আসিয়া বৰ ভৈলা উপনীত।
মুখ্য সেনাপতি আৰু ইষ্ট মিত্ৰ যত॥
প্ৰত্যেকে আদৰে বৰে আগ বাঢ়ি যায়।
ক্ৰমে পঞ্চদ্বাৰ এড়ি যষ্ঠত আসয়॥
শুনি আনন্দিত ৰাজা চলিলা আপোনে।
আগবাঢ়ি আনিবাক লৈয়া বিপ্ৰগণে॥
গন্ধ পুষ্প ধুপ দীপ পুষ্প মালা লৈয়া।
জামাতাক বিধিমতে আদৰিলা গৈয়া॥
তিৰীগণে সুমঙ্গল অনেক কৰিলা।
নাম উৰুলীৰ শব্দে গগণ ভেদিলা॥