পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
নল-দময়ন্তী।


ভুঞ্জাইলা সবাহাঙ্কো যত পাৰে মানে।
তুষিলা ব্ৰাহ্মণগণে নানাবিধ দানে॥
পৰদিন প্ৰভাততে নল গুণবান।
স্ননাকৰি নিত্য কৰ্ম্ম কৰি সমাপন॥
ষোড়শ মাতৃৰ পূজা কৰি বিধিমত।
নান্দীমুখ শ্ৰাদ্ধ কৰে বেদৰ বিহিত॥
দধি দুগ্ধ ঘৃত মধু আনে ভাৰে ভাৰে।
পিঠা পৰমান্ন নানাবিধ উপহাৰে।
ভুঞ্জাইলা নিমন্ত্ৰিত যত যত প্ৰাণী।
খোৱা খোৱা লোৱা লোৱা এহি মাত্ৰ শুনি॥
বস্ত্ৰ অলঙ্কাৰ আৰু বহু ধন সোণ।
যোগ্য মতে জনে জনে কৰিলন্ত দান॥
সাজ অলঙ্কাৰ ৰাজা কৰে পৰিধান।
শৰীৰৰ কান্তিত জোনাক সভাখন॥
কেঙ্কোৰা দোলাত চড়ি নল মহামতি।
কন্যাৰ গৃহক তেবে চলে হৃষ্ট মতি॥
বৰযাত্ৰীগণ সবে আনন্দে বিভোৰ।
দুই দণ্ড বেলা যেবে গগণ উপৰ॥
মঙ্গল কৰিলা আসি যত নাৰীগণ।
বেদমন্ত্ৰ উচ্চাৰিলা যত বিপ্ৰগণ।
খোল ঢোল মৃদঙ্গ বাজয় কৰতাল।
শঙ্খ কাঁহ ঘণ্টা বাজে মহা গণ্ডগোল॥