পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭
নল-দময়ন্তী।


সুৱাগুৰী তুলিবাক সঙ্গে নাৰীগণ।
চতুৰ্দ্দোলে চড়ি ৰাণী কৰিলা গমন॥
স্ত্ৰী আচাৰ মত কৰ্ম্ম কৰি সমাপন।
গন্ধ মাল্য দানে ৰাণী কৰিলা গমন॥
সভামধ্যে আসি নল বসিয়া আসনে।
বৰণ কৰিলা ৰাজা, আনন্দিত মনে॥
কুল পুৰোহিত বিধি মাতিবাক লৈলা।
বিধিমতে নল তেবে কুশণ্ডি কৰিলা॥
অন্তেষ পুৰত বসি যতেক কামিনী।
ফোট বেঘা বস্ত্ৰ অলঙ্কাৰে কন্যা খানি'॥
সজাইলন্ত মিলি যত্নে জীয়ৰী বহাৰী।
বিজুলি চমক যেন দমই সুন্দৰী॥
হৰ্ষ বিষাদিতা ৰাণী সঙ্গে নাৰীগণ।
জীয়ৰীক নিলা জামাতাৰ বিদ্যমান॥
বেদমন্ত্ৰ উচ্চাৰিলা যত বিপ্ৰগণ।
মুখ চন্দ্ৰিকাক তেবে কৰিলা ভঞ্জন॥
সাতবাৰ প্ৰদক্ষিণ কৰি ৰীতিমতে।
কন্যাক বৈসাই নিয়া নলৰ বামতে॥
বৰ কন্যা দোহে যেবে বসিলা সভাত।
অনঙ্গ বিৰাজে যেন ৰতিৰ সহিত॥
কুশ, তিল গঙ্গোদক, আৰু দুৰ্ব্বা কল'।
আসন স্বাগত পাদ্য় অৰ্ঘ আৰু জল॥