পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪
নল-দময়ন্তী।


যথা বিধি স্ত্ৰী আচাৰ কৰি সমাপন।
আপুনি মলছে ৰাণী দমইৰ বদন॥
পিন্ধাইল সোনোৱালী বস্ত্ৰ বিতোপন।
নানাবিধ অলঙ্কাৰ কি কৈবো কথন॥
হেনকালে অস্তাঙ্গত ভৈলা দিবাকৰ।
কুল পুৰোহিত আসি মিলিলা সত্বৰ॥
অধিবাস কৰে ৰাজা শুভক্ষণ জানি।
ৰামাগণ মিলি দিয়ে উৰুলীৰ ধ্বনী॥
পৰদিন প্ৰভাততে উঠি নৰপতি।
নান্দীমুখ শ্ৰাদ্ধ আদি কৈলা সমাপতি॥
বহু ৰত্ন ধন ৰাজা ব্ৰাহ্মণক দিলা।
মহানন্দে বিপ্ৰগণে বেদ উচ্চাৰিলা॥
হৰিধ্বনী কৰিলন্ত যত প্ৰজাগণ।
আনন্দৰ কোলাহলে ভেদিল গগণ॥
হেথা নল নৰপতি নগৰ বাহিৰে।
নিজ দলবল লৈয়া আনন্দ অন্তৰে॥
আত্মীয় বান্ধবগণ কুল পুৰোহিত।
নিমন্ত্ৰিয়া আনিলন্ত যেমন বিহিত॥
কুলাচাৰ বেদাচাৰ স্ত্ৰীআচাৰ যত।
বেঢ়ি কুটুম্বৰ ঝাকে কৰে যথোচিত॥
হৰিদ্ৰা মাখিয়া মিলি কুল নাৰীগণ।
সুবৰ্ণ ভৃঙ্গাৰে স্নান কৰাইলা তেখন॥