পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
নল-দময়ন্তী।


আতি ৰঙ্গমনে ৰাণী চতুৰ্দ্দোলে চড়ি।
জল আনিবাক গৈলা তিৰীগণে বেঢ়ি।
নানা সুমঙ্গল কৰে যতেক কামিনী॥
উৰুলী দিলেক মিলি দুই তিনি জনী॥
দুনৰী কান্ধত লৱে কতো নাৰীগণ।
দুৰ্ব্বাক্ষত সিঞ্চে কতো আতি ৰঙ্গমন॥
বাদ্যকৰগণ সবে বাদ্যক বজাই।
ঢোল মৃদঙ্গৰ শব্দে কাণ ফাটি যাই॥
গায়ন বায়ন আৰু কালীয়া নৰ্ত্তক।
ৰঙ্গে ঢঙ্গে চলে সবে পানী তুলিবাক॥
হাতী ঘোড়া চলে সঙ্গে নযাই গণন।
মহানন্দে নাচে গাৱে যত প্ৰজাগণ॥
সাৰি সাৰি কল আনি পথত ৰোপিলা।
থৰে থৰে তাতে সবে পুষ্প মাল দিলা॥
সুবৰ্ণ ভৃঙ্গাৰে ৰাণী জল তুলি আনি।
স্নান কৰাইলন্ত দময়ন্তী সুবদনী॥
সাতপাক প্ৰদক্ষিণ কৰি বেই খান।
স্বৰ্ণ পাটে তুলি কন্যা কৰাইলন্ত স্নান॥
দশকুড়ি জনা মিলি সুললীত ৰাৱে।
আতি উত্ৰাৱল গাৱ ৰঙ্গে নাম গাৱে॥
মঙ্গল আচাৰ কত কৰে নানামত।
বাজিছে শঙ্খৰ ধ্বনী আতি সুললীত॥