সমললৈ যাওক

পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
নল-দময়ন্তী।


দময়ন্তীৰ বিবাহ।

পদ।  নলক বৰিলা পতি দেখি ৰাজগণ।
 যাৰ যেই দেশে গৈলা বিষাদিত মন।
 ভীম নৰপতি ভৈলা আনন্দে মগন॥
 বিহাৰ কাৰণে ৰাজা আনে বন্ধুগণ।
 বাদ্যকৰ গণ ৰাজা ডাকিয়া আনিলা॥
 বিহাৰ সামগ্ৰী যত একত্ৰ কৰিলা॥
 নিৰ্ম্মাইল সভাখন আনি খনিকৰ।
 ফটিকৰ স্তম্ভ আনি দিলা থৰে থৰ॥
 এক ক্ৰোশ স্থান যুড়ি ৰচে সভাখন।
 কনক ৰজতে চিত্ৰ বিচিত্ৰ নিৰ্ম্মাণ॥
 নানা বত্নে বিৰচিলা যেন দেৱপুৰী।
 ৰতনে মণ্ডিত তাহে গৃহ সাৰি সাৰি॥
 মণিময় দীপগণ জ্বলে থানে থান।
 কোটী সূৰ্য্য জিনি আলো নযাই বৰ্ণন॥
 তাৰ পাশে হোম ঘৰ কৰিলা নিৰ্ম্মাণ।
 ফটিকৰ বেদী কৈলা হোমৰ কাৰণ॥
 বেই ঘৰ নিৰ্ম্মাইলা কৰিয়া যতন।
 দেখি আনন্দিতা ভৈলা যত নাৰীগণ॥
 শুভক্ষণ দিনে তেবে কন্যাক আনিলা।
 গন্ধ তৈল হৰিদ্ৰাক ঘসি নোঁৱাইলা॥