পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
নল-দময়ন্তী।


পঞ্চনল আগে সতী কৰি যোড় হাত।
আতি মৃদুস্বৰে তেৰে লগাইলেক মাত৷৷
গুৰুৰো পৰম গুৰু বেদৰ বচন।
ধৰ্ম্মৰ ৰক্ষক হোয়ে সবে দেৱগণ।৷
কায় মনোবাক্যে যদি মই হওঁ সতী।
নল বিনে মোৰ মনে নাহি অন্য মতি।৷
সাক্ষী হোৱা চন্দ্ৰ সূৰ্য্য দিগপালগণ।
নল প্ৰাণপতি মই কৰিলো বৰণ॥
এহি বুলি হাতে কন্যা লই পুষ্প মালা।
আণ্ঠ কাঢ়ি নলৰ গলতে পিন্ধাইলা।৷
প্ৰণাম কৰিয়া কন্যা গৈলাহা ভবন।
লাজ পাই দেবগণ ভৈলা অন্তৰ্ধান।৷
ইষ্ট দেৱ পদাম্বুজ হৃদে কৰি ধ্যান।
ভণিলা শ্ৰীপূৰ্ণকান্ত পুণ্য উপাখ্যান।৷