পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
নল-দময়ন্তী।


বাসৰ বৰুণ বহ্নি যম চাৰিজন।
ভীমৰ নন্দিনী প্ৰতি হুই খঙ্গ মন॥
যৈত বসিয়াছে নল নৈষধৰ পতি।
মায়া পাতি ভৈলা সবে নলৰ আকৃতি॥
একাকৃতি পঞ্চনল বসিছে সভাত।
দেখি দময়ন্তী আতি ভৈলা চঞ্চলিত॥
কাক দিব মাল্য হোৱে কোন জন নল।
গুণি ভাবি কন্যা আতি ভৈলন্ত বিহ্বল॥
তালুত দংশিলে সৰ্পে নাহিকে উপায়।
থৰ থৰ কৰি তাৰ কাম্পে সৰ্ব্ব গাৱ॥
দেখিয়া তাহাৰ ভাব আই সৰস্বতী।
কাণে কাণে কহে সখি স্থিৰ কৰা মতি॥
ইন্দ্ৰ আদি দেৱগণ তোমাক নসহি।
মায়া পাতি নলৰূপে সবে আছে ৰহি॥
পৃথিবীৰ মাজে নাহি দেখা যাৰ ছাঁয়া।
নিশ্চয়ে জানিবা সেহি হোৱে দেবমায়া॥
আৰু দেখা চক্ষুত পলক নাহি যাৰ।
মনুষ্য নহৱে সিটো জানা সাৰোন্ধাৰ॥
সভাত বসিয়া নল আছে পূৰ্ব্ব মুখে।
মাল্যদান কৰা সখি পৰম কৌতুকে॥
সঙ্কেত পাইয়া সতী ভীমৰ তনয়া।
ভক্তি ভাবে হৃদয়ত স্মৰি মহামায়া॥