পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
নল-দময়ন্তী।


তাহান দক্ষিণে দেখা অঙ্গৰ ৰাজন।
হাতি ঘোড়া ৰথ যাৰ আছে অগণন॥
সূৰ্য্যতো অধিক তেজ নহুষ সুন্দৰ।
যুদ্ধত জিনিলে যেই দেৱ পুৰন্দৰ।
ধনৰ ঈশ্বৰ বীৰ বলবান আতি।
সত্যবাদী জিতেন্দ্ৰিয় ধৰ্ম্ম কৰ্ম্মে ৰতি॥
মিথিলাৰ পতি দেখা নামত মৰুত।
সৰ্ব্বগুণে গুণান্বিত জিনি পুৰুহুত॥'
যাৰ যজ্ঞ ঘৃত খাই দেৱতা অনল।
অগ্নি মন্দ হুই আবে হুইলা দুৰ্ব্বল॥
তেলিয়া সাৰেঙ্গ যেন অৱন্তীৰ ৰাজা
পুত্ৰৱতে নিৰন্তৰ পালে যত প্ৰজা॥
ভবানীৰ বৰপুত্ৰ কামৰূপ পতি।
কাৰ্ত্তিক সমান ৰূপে গুণে বৃহস্পতি॥
তোমাৰ কামনা কৰি যত ৰাজাগণ।
সসৈন্য়ে আসিছে সখি কৰা নিৰীক্ষণ॥
হেনমতে পৰিচয় দিলা জনে জনে।
শুনি দময়ন্তী কাকো নলৈলেক মনে॥
কাকো নচাহিলা কন্যা চলে অধোমুখে
দেখি ৰাজাগণৰ বাজিল বজ্ৰ বুকে॥
হেন মতে তিনি পাক ঘূৰি সভাখান।
আসি উপনীত ভৈলা নলৰ সদন॥