পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
নল-দময়ন্তী।


জিনিয়া খঞ্জন,   তাহাৰ নয়ন,
  ৰামৰস্তা জিনি উৰু॥
আকাশৰ মাঝে,   পূৰ্ণচন্দ্ৰ যেন
  শোভে আতি বিতোপন।
সূৰ্য্য়ৰ প্ৰকাশে,   যেন তমো নাশে
   জিলিকিল সভাখন॥

পদ। হেৰি দময়ন্তী ৰূপ যত ৰাজাগণ।
 মই লভিবোহো কন্যা ভাবে মনে মন॥
 অৱশ ভৈলেক দেহা হাৰাইল জ্ঞান।
 কাল বুঝি কামদেৱে হানে কাম বান॥
 মুখ নিৰীক্ষন্তে থাকে দেহা অচেতন।
 ভূমিত পড়িয়া কেহো হাবাইলন্ত জ্ঞান॥
 প্ৰথমতে পৰিচয় দিলা সৰস্বতী।
 ঋতুপৰ্ণ ৰাজা দেখা অযোধ্যাৰপতি॥
 কুবেৰ সমান যাৰ ঐশ্বৰ্য্য বিভুতি।
 ৰূপে গুণে কুলে মানে জিনিয়াছে ক্ষিতী॥
 তাৰ পাশে দেখা সখি কলিঙ্গৰ পতি।
 আপুনি চণ্ডিকা তুষ্টা দেখি যাৰ ভক্তি॥
 ধনে মানে কুলে শীলে সবাতো প্ৰধান।
 দেখা দময়ন্তী সখি সভা বিদ্যমান॥
 সগৰৰ বংশধৰ কোশল্যাৰ পতি।
 ৰূপে গুণে শোভে যেন দেব শচীপতি॥