পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭
নল-দময়ন্তী।


খোপাৰ উপৰে,  চিকি মিকি কৰে,
 মালতীৰ গন্থা ফুল॥
চলন্তে পাৱৰ,  সোণাৰ নূপুৰ,
 কাঢ়ে ৰুণজুণ ৰোল।
খামুছিয়া কটী,  খোজত হেলয়,
 কিনো বিতোপন আতি।
বহল নিতম্ব,  চলন্তে লড়ই
 জিনি মদনৰ ৰতী।
তাহাৰ উপৰে,  শোভে চন্দ্ৰহাৰে,
  গঙ্গা যেন নগৰাজে।
হাতত কঙ্কন,  আতি সুশোভন,
  বাহুত বাজুৱা সাজে॥
বহল হৃদয়  শোভে চন্দ্ৰময়,
  গজ মুকুতাৰ হাৰ।
হিয়াৰ উপৰে,  যুগল দাড়িম্ব,
 যেন মদনৰ শৰ।
কৰ্ণত কুণ্ডল,  কৰে জল মল,
 সূৰ্য্য়কো জিনিয়া কান্তি।
মুখ পূৰ্ণচন্দ্ৰ  নাসা তিলফুল,
  দন্ত মুকুতাৰ পান্তি॥
পকা বিম্বফল,  জিনিয়া অধৰ,
  কামধনু সম ভুৰু।