পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
নল-দময়ন্তী।


হুই তাৰ সহচৰী,  লৈয়া যাস হাতে ধৰি,
  যৈত বসে নল মহামতি।
দেৱগণে ছলকৰি,  সবে নল ৰুপ ধৰি,
  বসি আছে সভা বিদ্যমান।
দময়ন্তী সঙ্গে লৈয়া,  নলক দেখাই দিয়া,
 নল গলে দিবে মাল্য দান॥
পাই দেবী অনুমতি,  ঝান্ত আসি সৰস্বতী,
  সখী বুলী কৰিলা সম্ভাষ।
আসা সখি মোৰ সাতে,  পুষ্প মালা লৈয়া হাতে,
  তোক লৈয়া যাওঁ নল পাশ॥
সখী দেখি ৰাজ বালা,  হাতে লৈলা পুষ্প মালা,
 ভৱানীক দণ্ডৱত কৰি।
আগে যাৱে সৰস্বতী  পাছে পাছে দময়ন্তী,
  চলিযান্ত সখীগণে বেঢ়ি॥


দুলৰী।

য়লাস কৰি,  চলে ধীৰি ধীৰি,
 দময়ন্তী শাম্ভী সতী।
ৰাজহংস গতি,  মৃদু মন্দ আতি,
 জিনি গজেন্দ্ৰৰ গতি॥