পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
নল-দময়ন্তী।


তেবে ভীম বৰপতি শুভক্ষণ দিনে।
শুভলগ্ন দেখি আজ্ঞা বিহিলা তেখনে॥
সখীগণ সহ কন্যা সভা বিদ্যমানে।
আসোক হেথায় এহি শুভলগ্ন ক্ষণে॥

⸻:0:⸻

স্বয়ম্বৰ সভালৈ দময়ন্তীৰ গমন।

ছবি ৷

অস্তেষপুৰত কন্যা  মহামায়া ধ্যান মগ্না,
  এক চিত্তে পূজিছে ভবানী।
সকাতৰে কহে বাণী,  ৰক্ষা কৰা ভৱৰাণী
  বৰ দিয়া পাওঁ গুণমনি॥
দয়া কৰা দয়াময়ী,  বাকণৰ ৰণে জয়ী,
  তোমাক পূজিয়া ৰঘুপতি।
নলক ভজিলো মই,  দেৱগণে বাধা দেই,
 উদ্ধাৰ কৰাহা ভগৱতী॥
সন্ত সতী বিদ্যমানে  ৰাখাহা সতীত্ব ধনে,
 দিয়া মোক নল প্ৰাণপতি।
স্তবে তুষ্টা ভগৱতী,  বোলে শুনা সৰস্বতী,
 আমাৰ বচনে দিয়া মতি॥
দিব্য কন্যা ৰুপধৰি  চলি যোৱা শীঘ্ৰ কৰি
 যৈত আছে দময়ন্তী সতী॥